পিষ্টল সহ নগা যুৱকক আটক আৰক্ষীৰ

September 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সোণাৰিৰ নামতোলাত পিষ্টলসহ নগা যুৱকক আটক।

চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ সোণাৰিৰ নামতোলাত পিষ্টল, সক্ৰিয় গুলীসহ এজন নগা যুৱকক আটক কৰে নামতোলা আৰক্ষীয়ে।

সীমান্তৰ নামতোলাত অভিযান চলাই নামতোলা আৰক্ষীয়ে পইন্ট ২২ পিষ্টলৰ লগতে পাঁচ জাঁই সক্ৰিয় গুলীসহ নগা যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

আছাম ৰাইফলছ আৰু নামতোলা আৰক্ষীৰ যুতীয়া অভিযানত নামতোলা লাদৈগড়ত কোনো লোকক বিক্ৰী কৰিবলৈ অহা অৱস্থাত মাৰণাস্ত্ৰসহ তিজিটৰ মানকাপ কন্যাক (৩৫) নামৰ এজন যুৱকক আটক কৰে।

নামতোলা আৰক্ষীয়ে নগা যুৱকজনৰ বিৰুদ্ধে ২৫ (১) এ ধাৰাৰ অধীনত ৩৯/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।