পুখুৰীত গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি

October 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

মোমায়েকৰ ঘৰলৈ যােৱা যুৱকৰ পুখুৰীত পৰি মৃত্যু।

মৃত যুৱকজনৰ ঘৰ ধুবুৰীৰ বিছনদৈ গাঁৱত।

জানিব পৰা মতে, গাঁওখনৰ সত্যন্দ্ৰ ৰায়ৰ পুত্ৰ ৰাহুল ৰায় নামৰ ১৮ বছৰীয়া যুৱকজনে শালকোচাস্থিত মোমায়েকৰ ঘৰত পূজা খাবলৈ গৈছিল।

মোমায়েকৰ ঘৰত পূজা উপভোগ কৰাৰ পিছত শনিবাৰে ঘৰৰ ওচৰত থকা এটা পুখুৰীত গা ধুবলৈ গৈছল।

গা ধুই থকা অৱস্থাত দ পানীত ডুব যায় ৰাহুল ৰায়।

ৰাহুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি দেওবাৰে বিচনদৈৰ নিজ বাসগৃহত অনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টিৰ মাজতে যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।