পুখুৰীত বিহ দি ২০ লক্ষাধিক টকাৰ মাছ নিধন দুৰ্বৃত্তৰ, ঋণগ্ৰস্ত গৰাকীৰ হাহাকাৰ
August 7, 2021নিউজ ডেস্ক। দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড। পুখুৰীত বিহ দি নিধন ২੦ লক্ষাধিক টকাৰ মাছ।
এই ঘটনাৰ স্থান কামৰূপ জিলাৰ হাজোৰ দিহিনাৰ দক্ষিণ শিঙৰা।
আশংকা কৰা মতে, কোনো দুৰ্বৃত্তই পুখুৰীত বিহ ঢালি নিধন কৰিছে লাখ লাখ টকাৰ মাছ।
দিহিনাৰ নুৰ মহম্মদ নামৰ লােক এজনে বেংকৰ পৰা ঋণ লৈ মৎস্য পালন কৰিছিল।
পুখুৰীত ওপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ প্ৰায় এশ কুইণ্টল মাছ।
ছয় বিঘা মাটিকালিৰ পুখুৰীত বেংকৰ ঋণ লৈ মৎস পালন কৰিছিল লোকজনে।
এই ঘটনা সন্দৰ্ভত হাজো থানাত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে।