পুখুৰীত মাছ ধৰিবলৈ গৈ দুই সন্তানৰ পিতৃৰ কৰুণ মৃত্যুক

November 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ চাপৰৰ চিলামাৰা পুখুৰীত মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে এজন লােকৰ। মৃত লােকজনৰ নাম অনিল সূত্ৰধৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বটৰ তলৰ নিবাসী অনিল সূত্ৰধৰ নামৰ এজন যুৱকে যোৱা মাছ ধৰিবলৈ চিলামাৰা পুখুৰীত গৈছিল।

কিন্তু অসাৱধানতাবশতঃ উক্ত পুখুৰীত পানীত পৰি মৃত্যু সাৱটি লয় অনিল সূত্ৰধৰে।

সোমবাৰে ৰাতিপুৱা স্থানীয় ৰাইজে পুখুৰীত মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে।

ইয়াৰ পাছতে ঘটনাস্থলীত চাপৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চাপৰ আৰক্ষী থানালৈ নিয়ে।

তাৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃত্যুৰ সময়ত অনিল সূত্ৰধৰে পত্নীৰ লগতে দুজন পুত্ৰ সন্তান এৰি যায়।

লগতে চাওকঃ

শোকাৱহ! পথ দুৰ্ঘটনাত আহত হোৱা সীমন্তই সাৱটিলে কৰুণ মৃত্যুক, চিকিৎসাধীন বাবু…