‘পুছতা হে ভাৰত’! অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিক ২০,০০০ পাউণ্ডৰ জৰিমনা…

December 23, 2020 0 By NEWS DESK

এটাৰ পিছত আন এটা সমস্যাই যেন লগ এৰা নাই অসম সন্তান অৰ্ণৱ গোস্বামী তথা ৰিপাব্লিক টিভিক।

এইবাৰ ৰিপাব্লিক টিভিৰ ওপৰত ইউ কে ব্ৰডকাষ্টিং ৰেগুলেটৰে (UK broadcasting regulator ) ২০,০০০ পাউণ্ড অৰ্থাত ভাৰতীয় হিচাপত প্ৰায় ১৯.৭৩ লাখ টকাৰ  জৰিমণা বিহিছে।

আক্ৰমনজনক ভাষা,ঘৃণাৰ কথা আৰু ব্যক্তি, গোট, ধৰ্ম বা সম্প্ৰদায়ৰ অপৰাধজনক বা অসন্মানজনক কথা সম্প্ৰচাৰৰ বাবে এই ঝৰিমণা বিহা হৈছে।

এই জৰিমণা ব্ৰিটেইনৰ অৰ্ণৱ গোস্বামীৰ হিন্দী চেনেলট ৰিপাব্লিক ভাৰতৰ ওপৰত বিহা হৈছে ।

জানিব পৰা মতে অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

ইউ কে যুক্তৰাজ্যৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে প্ৰকাশ কৰা অনুসৰি ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত সম্প্ৰচাৰিত ৰিপাব্লিক ভাৰতৰ ‘পুছতা হে ভাৰত’ অনুষ্ঠানত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীয়ে প্ৰকাশ কৰা মতামত আৰু কিছুমান অতিথিয়ে অনুষ্ঠানটোত সম্প্ৰচাৰ কিছু নীতি নিয়ম উলংঘা কৰে।

এই সন্দৰ্ভত ইউ কে যুক্তৰাজ্যৰ যোগাযোগ নিয়ন্ত্ৰক কাৰ্য্যালয়ে ৱৰ্ল্ডভিউ মিডিয়া নেটৱৰ্ক লিমিটেডৰ নিষেধাজ্ঞা জাৰি কৰে ।

উক্ত অনুষ্ঠানটোত অৰ্ণৱ গোস্বামীয়ে ৩ জন ভাৰতীয় আৰু তিনিগৰাকী পাকিস্তানী লোকৰ মাজত চন্দ্ৰযান-২ কলৈ আলোচনা কৰিছিল।