পুনৰ অসুস্থ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী! হাস্পতালত ভৰ্তি…
January 27, 2021পুনৰ অসুস্থ হৈ পৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী।
পুনৰ হৃদৰোগত আক্ৰান্ত হৈছে সৌৰভ গাংগুলী।
যাৰ বাবে ততাতৈয়াকৈ কলিকতাৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় তেখেতক।
২ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল গাংগুলীক।
উল্লেখ্য যে, হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতে গাংগুলিৰ এক হৃদযন্ত্ৰৰ অপাৰেচনৰ পিছতে সুস্থ হোৱাত ঘৰলৈ উভতিছিল।
পিছে বুধবাৰে পুনৰ হৃদৰোগত আক্ৰান্ত হয় বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী।