পুনৰ আৰক্ষীৰ গুলীত আহত অপৰাধী, আৰক্ষীৰ পিষ্টল লৈ পলোৱাৰ চেষ্টা কৰোঁতেই গুলীচালনা…
July 13, 2021পুনৰ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
এইবাৰ শিৱসাগৰ আৰক্ষীৰ গুলীত আহত এজন অপৰাধী।
শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে জনোৱা অনুসৰি অএনজিচি অসম সম্পদৰ তিনি বিষয়া কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে শদিয়াৰ পৰা ভূপেন বৰুৱা নামৰ এক অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত জনক নাজিৰা থানালৈ লৈ অনাৰ সময়ত নাজিৰাত সুবিধা বুজি আৰক্ষীৰ কৱলৰ পৰা ভূপেন বৰুৱাই পলায়নৰ চেষ্টা কৰে।
নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ চাৰ্ভিছ ৰিৱলভাৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে অভিযুক্ত ভূপেন বৰুৱাক গুলিয়াবলৈ বাধ্য হয়।
ফলত ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় অভিযুক্ত ভূপেন বৰুৱা।
বৰ্তমান চিকিৎসাৰ বাবে ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।