পুনৰ আৰক্ষীৰ জালত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী…

March 13, 2022 0 By Biraj Kalita

দলগাঁও আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী।

দলগাঁও থানাৰ আৰক্ষী বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত চলা অভিযানত বেছিমাৰী গণ্ডাপুখুৰী অঞ্চলত দুজন যুৱকক ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আটক কৰে৷

যুৱক দুজনৰ পৰা চাৰিটা চাবোনৰ বাকচত ৫০ গ্ৰাম হিৰোইন জব্দ কৰে আৰক্ষীয়ে।

যুৱক দুজনে এ এছ ০১ ডি জেড ২৫০৪ নম্বৰৰ কেটিএম বাইকেৰে গণ্ডাপুখুৰীৰ পৰা বেছিমাৰীৰ দিশে আহি থকা অৱস্থাতে ড্ৰাগছখিনি উদ্ধাৰ কৰে।

যুৱক দুজন মাজগাঁৱৰ ৰফিকুল ইছলাম আৰু বেছিমাৰী নগাঁৱৰ জাকিৰ হুছেইন৷