পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক, ১০ বছৰে কৰি আহিছিল চিকিৎসা…

June 25, 2021 0 By Biraj Kalita

চামগুৰিৰ শালনাত আৰক্ষীৰ জালত ভুৱা চিকিৎসকক।

শালনা আৰক্ষী চকীৰ অন্তৰ্গত শালনা চাহ বাগিছাৰ চিকিৎসালয় এখনত এমাহ পূৰ্বে চিকিৎসক হিচাপে যোগদান কৰিছিল শিৱসাগৰৰ নাজিৰাৰ নিবাসী ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসক গৰাকীয়ে৷

যোগদান কৰাৰ পিছৰে পৰা বাগিছা খনৰ লোক সকলক ভুল চিকিৎসা প্ৰদান কৰি আহিছিল বুলি অভিযোগ উঠিছিল।

অভিযোগৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত আৰু শালনা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মন্টু কলিতাৰ সহযোগত এটা আৰক্ষী দলে শালনা চাহ বাগিছাৰ চিকিৎসালয় খনত অভিযান চলাই উক্ত চিকিৎসক গৰাকীক আটক কৰে৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে গুৱাহাটীৰ মেডিকেল কলেজৰ অধ্যক্ষ গৰাকীৰ লগত যোগাযোগ কৰাত গুৱাহাটীৰ এন এ বি এইচ ৰ আৰু আৰ্য্য হাস্পতালৰ ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত এটা দল চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ৰাজু হাতীকাকতিৰ অনুজ্ঞাপত্ৰ সমুহ ভুৱা বুলি প্ৰমান কৰে।

জানিব পৰা মতে ভুৱা প্ৰমান পত্ৰ তথা অনুজ্ঞাপত্ৰ জালিয়াতি কৰি বিগত দহ বছৰৰো অধিক কাল বিভিন্ন অঞ্চলত তথা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত সমুহত ক’ৰবাত যদি চিকিৎসক আৰু ক’ৰবাত ফাৰ্মাচিষ্ট হিচাপে কাম কৰি আহিছিল।