পুনৰ এনকাউন্টাৰ! দাবী কৰা ধন নিবলৈ অহা আলফাৰ লিংকমেনলৈ গুলী আৰক্ষীৰ!

July 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক সন্দেহযুক্ত আলফা স্বাধীনৰ লিংকমেন আৰক্ষীৰ গুলীত আহত হয় ডিব্ৰুগড়ত।

জয়পুৰত নাহৰকটীয়া থানাৰ আৰক্ষীৰ গুলীত আহত হয় লিংকমেনজন।

লিংকমেনজনক বাবুল ডেকা বুলি চিনাক্ত কৰা হৈছে। যিয়ে জয়পুৰৰ সাৰদা চাহ ফেক্টৰীৰ পৰা দাবী কৰা ধন নিবলৈ আহিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, লিংকমেনজন টিংখঙৰ ধমন কচুৱনী গাঁৱৰ বাসিন্দা। চাহ ফেক্টৰীটোত তেওঁ ২০ লাখ টকা দাবী কৰিছিল। ফেক্টৰীৰ পৰা দাবী কৰা সেই ধন নিবলৈ অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

লগে লগে আৰক্ষী উপস্থিত হয় ফেক্টৰীটোত। আৰক্ষী অহা দৃশ্য দেখি লিংকমেনজন পলাবলৈ চেষ্টা কৰোতেই তেওঁলৈ লক্ষ্য কৰি গুলী চলাই আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা ১০ জুলাইতো বিদ্ৰোহী সংগঠনটোৰ এজন লিংকমেন তিনিচুকীয়াৰ শদিয়াত আৰক্ষীৰ গুলীত আহত হৈছিল।

লাকুৱাৰ অএনজিচিৰ কৰ্মচাৰীক আটক কৰিবলৈ আহি আৰক্ষীৰ হাতত বন্দী হোৱা লিংকমেনজন পলাবলৈ চেষ্টা কৰাত ভৰিত গুলিয়াইছিল আৰক্ষীয়ে।