পুনৰ এনকাউন্টাৰ! দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

September 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কুখ্যাত অপৰাধী চক্ৰক উৎখাত কৰাৰ বাবে অত্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ আৰক্ষীৰ অভিযানত গুলীবিদ্ধ হ’ল এটা কুখ্যাত ডকাইত।

এই ঘটনাৰ স্থান উত্তৰ লখিমপুৰ জিলাৰ আমতলা।

জানিব পৰা মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাওতে কুখ্যাত ডকাইত ৰাকেশ পেগুলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ মতে, দুদিন পূৰ্বে নাওবৈচাত এটিএম চুৰ ঘটনাত জড়িত আছিল ধৃত ডকাইতটো। পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওতেই গুলীচালনা আৰক্ষীৰ।

এটিএম চুৰিকে ধৰি বহু অপৰাধত জড়িত আছিল ডকাইত ৰাকেশ পেগু।

লখিমপুৰৰ আমতলাত নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু পলায়নৰ চেষ্টা কৰোতেই গুলী চালনা কৰে আৰক্ষীয়ে।

অসমৰ লগতে অৰুণাচলৰ বিভিন্ন স্থানৰ থানাত ৰুজু হৈ আছে ধৃত ডকাইত ৰাকেশ পেগুৰ নামত গোচৰ।