পুনৰ কৃষকৰ ৰূপত অতুল বৰা, অত্যাধুনিক মেচিনেৰে পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰীয়ে…
July 18, 2021পুনৰ কৃষকৰ ৰূপত দেখিবলৈ পোৱা গ’ল ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাক।
নুমলীগড়ত এইবাৰ অত্যাধুনিক যন্ত্ৰৰ জড়িয়তে পথাৰত ভূঁই ৰোপণ কৰে মন্ত্ৰীগৰাকীয়ে।
খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু এপাৰ্টৰ অধীনত আধুনিক পদ্ধতিৰ জৰিয়তে ভূঁই ৰোপণ কায্যসূচীৰ শুভাৰম্ভ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই।
এই পদ্বতিৰ জড়িয়তে খুব কম সময়ৰ ভিতৰত অধিক মাটি তথা কম খৰচত কৃষক সকলে ভূঁই ৰোপণ কৰিব পাৰিব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে তেওঁ কয়- ‘এই চৰকাৰ খনে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমখনক গঢ়ি তুলিবলৈ হাতে-কামে সকলো দিশতে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে কৃষকৰ ক্ষেত্ৰত বহু আঁচনি হাতত লৈছে চৰকাৰখনে যাৰ ফলত কৃষক সকল অধিক লাভাম্বিত হ’ব।’