পুনৰ কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

April 25, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

অসমতো প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

পুনৰ কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।

বাংগালুৰু চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় প্ৰদীপ নেৱাৰ নামৰ যুৱকজনৰ।

যুৱকজনৰ ঘৰ ধেমাজিৰ জয়ৰামপুৰৰ শংকৰপুৰত।

মৃত্যুৰ সময়ত প্ৰদীপ নেৱাৰৰ বয়স আছিল ২৬ বছৰ।

বাংগালুৰুত এটা কোম্পানীত চিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত আছিল যুৱকজন।