পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক অখিল গগৈ…

July 14, 2021 0 By Biraj Kalita

পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক অখিল গগৈ।

চানমাৰী থানাত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অখিল গগৈৰ।

কিয়নো উক্ত গোচৰ সন্দৰভত আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছে NIA।

ক্ষন্তেক সময় পূৰ্বে তেওঁ নিজেই সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰিছে।

তেওঁ কয়- ‘মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে। মোক পুনৰ জেলত ভৰাবলৈ NIA এই অভিসন্ধি কৰিছে।মোৰ বিৰুদ্ধে আকৌ গোচৰ ৰুজুৰ বাবে NIA য়ে আবেদন কৰিছে।’

লগতে গগৈয়ে কয়- ‘মোক জেলৰ পৰা ওলোৱাটো অসম চৰকাৰ মূলত হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেতিয়াও বিচৰা নাছিল। মোক জেলত ৰাখিবলৈ চৰকাৰে বিভিন্ন চক্ৰান্ত কৰিছিল। কিন্তু মই জেলৰ পৰা ওলাই ৰাজনৈতিক আৰু সামাজিকভাৱে সক্ৰিয় হৈ পৰিলো সেয়ে মোক অসম চৰকাৰ, ভাৰত চৰকাৰৰ গৃহ বিভাগ আৰু বিশেষভাৱে নিয়াই(NIA) মোক পুনৰ গ্ৰেপ্তাৰ কৰিবৰ কৰাণে ষড়যন্ত্ৰ কৰিছে।’

উল্লেখ্য যে, ডেৰ বছৰ ধৰি কাৰাবাসত থকাৰ পিছত NIAৰ আদালতে সকলো গোচৰৰ পৰা দোষমুক্ত কৰিছিল অখিল গগৈক।

তাৰ পিছতেই মুকলি আকাশৰ তললৈ আহিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।