পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা, যুৱ কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

June 7, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা।

চিকিৎসকৰ লগতে চিকিৎসকৰ পত্নীক শাৰীৰিক আক্ৰমণ উদণ্ড যুৱকৰ।

দৰঙৰ খাৰুপেটিয়াত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত আহমেদ আলী নামৰ চিকিৎসকজনে খাৰুপেটিয়াস্থি নিমতলি “আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত” ৰোগীক চিকিৎসা প্ৰদান কৰি আছিল।

তেনে সময়তে দৰঙ জিলা ইউথ কংগ্ৰেছৰ যুৱ নেতা ৰাহুল আমিনে নিজৰ ভনীয়েকক চিকিৎসা কৰোৱাবলৈ উপস্থিত হৈছিল “আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত”।

কিন্তু চিকিৎসা প্ৰদানত পলম হোৱাত অশ্লীল গালি-গালাজ পাৰাৰ লগতে শাৰীৰিক ভাবে আক্ৰমণ কৰে চিকিৎসকজনক।

পৰিস্থিতি উত্তপ্ত দেখি আগবাঢ়ি অহা চিকিৎসকৰ পত্নীকো আক্ৰমণ কৰি ঘটনাস্থলিৰ পৰা পলায়ন কৰে উদণ্ড যুৱকজনে।

খবৰ পোৱাৰ লগে লগে খাৰুপেটিয়া আৰক্ষীৰ এটা দলে উপস্থিত হোৱাত পৰিস্থিতি সাম কাটে।

ইতিমধ্যে যুৱকজনৰ বিৰূদ্ধে খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী চিকিৎসকজনে।

চিকিৎসকৰ ওপৰত চলা এনে আক্ৰমণক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে দোষীক আটক কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।