পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱকৰ…

July 26, 2021 0 By Biraj Kalita

পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱকৰ।

বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত থমনা উজীৰবাৰী গাঁৱৰ ৰাজেন ৰাজবংশীৰ পুত্ৰ নিৰ্মল ৰাজবংশী (৩০)ৰ ৰহস্যজনকভাৱে মৃত্যুৰ খবৰে চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, যোৱা ২০ জুলাইত মহাৰাষ্ট্ৰলৈ বুলি ৬ জন সতীৰ্থৰ সৈতে কামৰ সন্ধানত ওলাই গৈছিল মৃত যুৱকজন৷

ইপিনে মহাৰাষ্ট্ৰ পোৱাৰ পূৰ্বে আম্বেৰমালী ষ্টেচনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মৃত যুৱকজন৷

যুৱকজন নিৰুদ্দেশ হোৱাৰ তিনিদিন পাছতে ষ্টেচনৰ সমীপৰ ৰে’ল লাইনত ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় আৰক্ষীয়ে।

ইপিনে নিৰ্মল ৰাজবংশীক লৈ যোৱা মুছলপুৰৰ ৰাতুল দাস নামৰ এজন যুৱক এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত বুলি পৰিয়ালৰ লোকে দাবী তুলিছে৷

ঘটনাটো সংঘটিত হোৱাৰ দিন ধৰি আজিলৈকে ৰাতুল দাস নামৰ যুৱকজনে তেওঁৰ ম’বাইল ফোনটো বন্ধ কৰি ৰাখিছে৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰাতুল দাস নামৰ যুৱকজনে বহিঃৰাজ্যলৈ লৈ যোৱা ৭-৮ জন লোক বিগত ৬ বছৰত নিৰুদ্দেশ হৈ আছে৷

সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মুছলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।