পুনৰ বহি:ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ পৰিয়ালৰ

September 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বহিঃৰাজ্যত পুনৰ ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ।

কেৰালাত কৰ্মৰত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বুলু খনিকৰ নামৰ ২৫ বছৰীয়া যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

টিংখাঙৰ ২নং কেন্দুগুৰি গাঁৱৰ দুলাল খনিকৰ আৰু কৰুণা খনিকৰৰ পুত্ৰ বুলু খনিকৰ বিগত প্ৰায় আঠ বছৰ ধৰি কেৰালা এনাকুলাম নামৰ ঠাইত সুভৰ্ণ প্লাইব’ৰ্ড নামৰ এটা কোম্পানীত কৰ্মৰত আছিল।

যোৱা ১৯ ছেপ্টেম্বৰত দেওবাৰে বুলুৰ কিবা কথাত দুজনমান সতীৰ্থৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল।

তাৰ পিছৰে পৰা বুলুৰ মৃতদেহ এটা কুঁৱাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

মৃতদেহত স্পষ্ট হৈ থকা আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালৰ লোকে।

বহিঃৰাজ্যত অকাল মৃত্যুত আঁকোৱালি লোৱা বুলু খনিকৰৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

যুৱকজনৰ মৃত্যুত পত্নী আৰু এগৰাকী ৪ বছৰীয়া কন্যা সন্তানৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিছে।

ইতিমধ্যে, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কেৰালা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি হত্যাকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে।

বিজ্ঞাপনঃ