পুনৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মৃত্যুক সাৱটিলে এজন কৰ্মচাৰীয়ে…
June 19, 2021পুনৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে মৃত্যুক সাৱটিলে এজন কৰ্মচাৰীয়ে।
বিশ্বনাথ চাৰিআলিৰ পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তত সংঘটিত হয় এই ঘটনা।
এটা ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ খুঁটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰিবলৈ উঠাৰ সময়তে এই ঘটনা সংঘটিত হয়।
মৃত কৰ্মচাৰীজন অমিত ইংতি বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে কাম কৰি থকাৰ সময়তে বিদ্যুতৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ দি দিয়াৰ ফলতে কৰ্মচাৰীজন বিদ্যুৎপৃষ্ট হৈ খুঁটাৰ পৰা তললৈ পৰি যায়।
বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনক সংকটজনক অৱস্থাত ‘বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়’লৈ অনা হৈছিল যদিও কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু হয়।
ইতিমধ্যে পৰিস্থিতিৰ বুজ ল’বলৈ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত উপস্থিত হয় বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।
ঘটনা সন্দৰ্ভত উচিত তথা নিৰপেক্ষ তদন্তৰ লগতে বিভাগীয় ক্ষতিপূৰণ প্ৰদান কৰাৰ আশ্বাস দিয়ে বিধায়ক প্ৰমোদ বৰঠাকুৰে।