পুনৰ ভূলুণ্ঠিত হ’ল মানৱতা, পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত কন্যা শিশু

April 11, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ সংঘতিত হ’ল সভ্য সমাজক লাজ্জনত কৰা ঘটনা।

পথৰ দাঁতিত উদ্ধাৰ সদ্যজাত কন্যা শিশু।

তামুলপুৰৰ দিঘিলীপাৰ কালি মন্দিৰৰ সন্মুখত শনিবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত উদ্ধাৰ হয় এটা সদ্যাজাত শিশু কন্যা।

তামুলপুৰ সমূহীয়া চিকিৎসালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত উদ্ধাৰ হোৱা শিশুটিক কোনো অজ্ঞাত লোকে নিজৰ লজ্জা ঢাকিবৰ বাবে পথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানিয় ৰাইজে।

সন্ধিয়া তামুলপুৰ-ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে এগৰাকী যুৱকে আহি থকা অৱস্থাত দেৱ শিশুটিৰ কান্দোন শুনা পায় আৰু  লোকজনে ইফাল সিফালে বিচাৰি   দেৱ শিশুটিক মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে যুৱক জনে শিশুটিক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

তামুলপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু চাইল্ড লাইনৰ লগত যোগাযোগ কৰিছে  চিকিৎসালয় কৰ্তৃপক্ষই।

লগতে চাওকঃ

হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!