পুনৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ দাহ কৰিলে অসম আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ…

July 18, 2021 0 By Biraj Kalita

পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ দাহ কৰিলে অসম আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ।

ৰাজ্যত শনিবাৰে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰাৰ পাছত দেওবাৰেও বহমপুৰত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ৯.৭৩৩ কেজি হেৰ’ইন, ২৫৩.৩০১ কোজি গাঞ্জা, ৯৭৭ অ’পিয়াম, ৭৮৩৪০ কফ-চিৰাপ আৰু ২৭১৯০৪ টা নিচাযুক্ত টেবলেটকে ধৰি এক বৃহৎ পৰিমাণৰ ড্রাগ্ছ দেওবাৰে বহমপুৰত দাহ কৰি মুখ্যমন্ত্রীয়ে।

উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ‘শূন্য সহনশীল নীতিৰে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ ড্রাগ্ছ পেডলাৰৰ বাবে এতিয়া সুৰক্ষিত নহয় অসম৷’

এই কার্যসূচীত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পিযূষ হাজৰীকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়কক্ৰমে জিতু গোস্বামী, ৰূপক শৰ্মা, শশী কান্ত দাস আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্ত।