পুনৰ মেঘালয়ৰ কয়লা খনিত আৱদ্ধ অসমৰ ৬ জনকৈ শ্ৰমিক, উদ্ধাৰ অভিযান অব্যাহত…
May 31, 2021পুনৰ মেঘালয়ৰ কয়লা খনিত আৱদ্ধ অসমৰ ৬ জনকৈ শ্ৰমিক।
মেঘালয়ৰ পূৱ জয়ন্তীয়া জিলাৰ এটা কয়লা খনিত কয়লা খননত ব্যস্ত হৈ থকাৰ সময়তে শ্ৰমিক কেইজন খনিটোৰ ভিতৰত আৱদ্ধ হৈ পৰে
ৰাজ্য খনৰ আমপ্লেমৰ চুটুংগাত থকা কয়লা খনিটোত অসমৰ শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰাৰ খবৰ শিলচৰ আৰক্ষীয়ে টুইটাৰত প্ৰকাশ কৰিছে।
ইয়াৰ পিছতে মেঘালয় আৰক্ষীয়ে শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি মেঘালয় আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য চলিতবৰ্ষৰ ২১ মে’তো মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা কয়লা খনিত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিছিল অসমৰ ৬ জনকৈ শ্ৰমিকে।
At least six workers from Assam are suspected to be trapped in a #coalmine in Meghalaya’s East #JaintiaHills district. The incident took place near Umplemg area of the district.
— IndiaToday (@IndiaToday) May 31, 2021
(@hemantakrnath) https://t.co/f6JqjR61iE