পুনৰ মেৰামতি! আজিৰে পৰা তিনিমাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং…

June 4, 2021 0 By Biraj Kalita

শুকুৰবাৰৰ পৰা পুনৰ মেৰামতিৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।

মেৰামতিৰ বাবে অহা তিনিমাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন।

আনহাতে, নতুন দলঙেৰে অব্যাহত থাকিব যাতায়ত।

উল্লেখ্য যে, ২০১৯ৰ মাৰ্চৰ পৰা উত্তৰ-পূব ৰেইলৱেই ৯০ দিন ধৰি বন্ধ ৰাখি ৯ কোটি টকাৰে দলংখন মেৰামতি কৰিছিল।

সেইসময়ত ওপৰৰ প্ৰায় ভগ্ন অৱস্থাত থকা ৮০খন প্লেট বা শ্লেব চিনাক্ত কৰা হৈছিল আৰু এই আটাইকেইখন সলনি কৰা হৈছিল।

দলঙখন বন্ধ থকাৰ ফলত জনসাধাৰণে কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।

অৱশ্যে বৰ্তমান ক’ভিড পৰিস্থিতিত বাবে চলি থকা আংশিক লকডাউন তথা আন্ত:জিলা পৰিবহন বন্ধৰ ফলত দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পাইছে।