পুনৰ যৌতুকৰ বাবে নাৰী নিৰ্যাতনৰ ঘটনা! ড্ৰাগছ আসক্ত স্বামীৰ আক্ৰমণত আহত হ’ল পত্নী…

June 15, 2021 0 By Biraj Kalita

পুনৰ ৰাজ্যত যৌতুকৰ বাবে নাৰী নিৰ্যাতনৰ ঘটনা।

ৰেংবেং গৰুবন্ধাৰ ছহিদপুৰ ড্ৰাগছ আসক্ত স্বামীৰ আক্ৰমণত আহত হ’ল পত্নী।

অভিযোগ অনুসৰি দৈনিক ড্ৰাগছ সেৱন কৰি আহি স্বামী তাছনুৰ হুছেইনে নিজ পত্নীক ধাৰাবাহিক ভাৱে যৌতুকৰ নামত শাৰীৰিক মানসিক অত্যাচাৰ চলাই।

তাছনুৰৰ লগতে শাহুৱেক তাৰা বানু, ননদ মনোৱাৰা বেগমলৈও শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

স্বামীগৃহৰ অত্যাচাৰত পিতৃৰ পৰিয়ালে আ-অলংকাৰ বনাই দিয়াৰ লগতে ধনৰ যোগানো ধৰিছিল জোৱায়েকক।

সোমবাৰে পুনৰ যৌতুকৰ নামত বোৱাৰীক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা কৰাত পিতৃ গৃহৰ লোক কাষ চাপে কঠিয়াতলী আৰক্ষীৰ।

পাছত আহত অৱস্থাত নিশা আৰক্ষীয়ে ৰুকীয়া বেগম নামৰ বোৱাৰী গৰাকীক উদ্ধাৰ কৰি কঠিয়াতলীত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যে স্বামী তাছনুৰ হুছেইনৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীৰ পৰিয়ালে৷