পুনৰ শিশু ধৰ্ষণ কাণ্ডঃ এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া শিশু…
July 23, 2021ৰাজ্যত পুনৰ সংঘটিত হ’ল শিশু ধৰ্ষণ কাণ্ড।
এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া শিশু।
লংকা উদালীত সংঘটিত হৈছে এই জঘন্য ধৰ্ষন কাণ্ড।
শুকুৰবাৰে পূব উদালী মছজিদৰ ইমাম আব্দুল চামাটে ধৰ্ষণ কৰে এটি ৬ বছৰীয়া শিশুক।
শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিক ধৰ্ষণ কৰে আব্দুলে।
জানিব পৰা মতে শিশুটিৰ মাতৃ এৰাল দিয়া ছাগলী আনিব যোৱাৰ সময়তে শিশুটিক অকলশৰীয়া অৱস্থাত পাই ইমামে সংঘটিত কৰিলে উক্ত জঘন্য কাণ্ড।
লংকা উদালী থানত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিশুটিৰ পৰিয়ালৰলোকে।
বৰ্তমান ধৰ্ষিতা শিশুটি চিকিৎসাধীন হৈ আছে।
ইপিনে লম্পট ইমাম জনক লংকা উদালী আৰক্ষীয়ে আটক কৰিছে।