পুনৰ সেনা বাহিনীয়ে আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক…

June 28, 2021 0 By Biraj Kalita

পুনৰ সেনা বাহিনীয়ে আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক।

চেপন আৰক্ষী চকীৰ অধীনস্থ নিজ খালৈঘোগুৰাৰ বৰবামৰ নিজ গৃহৰ পৰা সেনাই আটক কৰিছে প্ৰাক্তন আলফা নেতা ৫২ বছৰীয়া বলীন বৰুৱাক।

প্ৰাক্তন আলফা নেতা গৰাকীক প্ৰায় এবছৰৰ পূৰ্বে ঘৰৰ সমীপতে এজন নিপৰাধী যুৱকক গৰু চোৰ বুলি মাৰপিট কৰাৰ অপৰাধত আটক কৰা বুলি নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰিছে।

কিন্তু, এক বিশেষ সূত্ৰই এই ঘটনাৰ লগত আন বিশেষ কাৰণ সন্নিবিষ্ট হৈ আছে বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কেইবছৰমানৰ পূৰ্বে চেপনত বোমা আৰু সোণাৰিৰ টিয়কঘাটত গ্ৰেনেড বিস্ফোৰণ ঘটোৱাৰ উপৰিও একাধিক অপৰাধমূলক কাম কাজত জড়িত হৈ থকাৰ অভিযোগত অভিযুক্ত হৈ আঠবাৰ কৈ কাৰাবাস খাটিছিল বৰুৱাই৷

সম্প্ৰতি সেনা বাহিনীয়ে চেপন আৰক্ষীৰ হাতত গতাই দিছে প্ৰাক্তন আলফা নেতা গৰাকীক৷