পুৰণি শৰাইঘাট দলঙৰ মেৰামতি বাবে ১০ দিনৰ সময়সীমা বান্ধি দিলে কামৰূপ জিলা উপায়ুক্ত…
June 17, 2021পুৰণি শৰাইঘাট দলঙৰ মেৰামতি বাবে ১০ দিনৰ সময়সীমা বান্ধি দিলে কামৰূপ জিলা উপায়ুক্ত।
দৈনিক ১০% কাম সম্পূৰ্ন কৰাৰ তাগিতা জিলা উপায়ুক্তৰ।
প্ৰয়োজনত সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ সাজু কামৰূপ জিলা প্ৰশাসন।
উল্লেখ্য যে বিগত দহ দিনত দলং খনৰ কেৱল মাত্ৰ ১৫% হে মেৰামতিৰ কাম সম্পূৰ্ন হৈছে।
সেয়ে কাৰ গতি ক্ষিপ্ৰ কৰি অহা ১০ দিনৰ সমসীমাৰ ভিতৰত দলঙখনৰ মেৰামতি সম্পূৰ্ন কৰিবলৈ নিৰ্দেশনা কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ।
ৰে’লৱে আৰু বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ন বৈঠক জিলা প্ৰশাসনৰ। অতি লেহেমীয়া গতিত শৰাইঘাট দলঙৰ মেৰামতি কাৰ্য্য চলাৰ অভিযোগ দাখিল কৰিছিল উপায়ুক্তক ।
বিগত তিনিদিনত শৰাইঘাট দলঙৰ দুয়োপাৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ যান-জঁট । আমিনগাঁৱত ঘণ্টাই ঘণ্টাই আবদ্ধ হৈ পৰিছিল শ শ যান-বাহন ।
যাৰ বাবেই ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ জিলা উপায়ুক্তই।