পূৰ্ণ গতিত চলিছে পুৰণি শৰাইঘাট দলঙৰ মেৰামতি

June 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মেৰামতিৰ বাবে পুনৰ বন্ধ হৈ থকা পুৰণি শৰাইঘাট দলঙত পূৰ্ণ গতিত চলিছে কাম।

মূলতঃ ৰাবাৰ পিটছিং পদ্ধতিৰে মেৰামতি চলিছে আমিনগাঁওৰ পুৰণি শৰাইঘাট দলঙত।

ঐতিহাসিক আমিনগাঁও পুৰণি শৰাইঘাট দলংখনৰ স্পান সমূহত অব্যাহত আছে ৰাবাৰ পিটছিঙৰ কাম-কাজ।

জানিব পৰা মতে, আমিনগাঁও দিশৰ পৰা এপ্ৰ’ছসহ প্ৰথমখন স্পানৰ ৰাবাৰ পিটছিঙৰ অথবা মেছষ্ট্ৰিকএছফাল্টৰ কাম সম্পূৰ্ণ হৈছে।

উল্লেখ্যযোগ্য যে দুবছৰ পূৰ্বে চলা মেৰামতি কাৰ্য্যই কিছু কামৰ অৱশিষ্ট ৰৈ গৈছিল, সেয়েহে সেইসমূহ পূৰণৰ কাম চলাইছে উত্তৰ পূব সীমান্ত ৰে’লৱেই।

বৰ্তমান দলংখনৰ এঘাৰখন স্পানৰ ভিতৰত আমিনগাঁও দিশৰ পৰা অহা দ্বিতীয়খন স্পানৰ মেৰামতিৰ কাম আৰম্ভ কৰি থকা হৈছে।