পূৰ্বতকৈ অধিক ভাৰা বৃদ্ধিৰে পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা…
July 21, 2021পূৰ্বতকৈ অধিক ভাৰা বৃদ্ধিৰে পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।
বৃহস্পতিবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হ’ব দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰ’পৱে সেৱা।
ক’ভিড প্ৰট’কল মানি দৈনিক পুৱা আঠ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ এই সেৱা চলিব।
অবশ্যে যাত্ৰীয়ে ভৰিব লাগিব পূৰ্বতকৈ অধিক ধন। কিয়নো বৃদ্ধি কৰা হৈছে ভাৰা।
পূৰ্বে অহা যোৱা কৰিলে ভাৰা লৈছিল ১০০ টকা, কিন্তু এতিয়া দিব লাগিব ১৫০ টকা।
আনহাতে পূৰ্বে এবাৰ পাৰ হ’লে লৈছিল ৬০ টকা কিন্তু এতিয়া দিব লাগিব ১০০ টকা।
বিশেষভাবে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই কৰি দিয়াৰ উপৰি তিনি বছৰৰ পৰা বাৰবছৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে।
ইফালে সাপ্তাহিক ভাৰা দুহেজাৰ, মাহিলী ভাৰা ছহেজাৰ আৰু বছৰেকত ৫০ হাজাৰ টকা ধাৰ্য কৰিছে।
এক জাননী়যোগে এই কথা প্ৰকাশ কৰিছে জি এম ডি এয়ে
উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৬ মে’ৰ পৰা বন্ধ কৰা হৈছিল ৰ’পৱে সেৱা।