পূৰ্বতে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা দিয়া ‘কম্পিউটাৰ বাবা’ক কাৰাগাৰলৈ নিক্ষেপ, আশ্ৰম ধ্বংস
November 9, 2020নেশ্যনেল ডেস্ক। একালৰ বৃন্দাৱন একালত পৰে ছন! এই আপ্তবাক্য শাৰী যেন বাস্তৱ হ’ল এগৰাকী তথাকথিত ধৰ্মগুৰুৰ ক্ষেত্ৰতাে।
এসময়ত চৰকাৰৰ নয়নৰ মণি হৈ ৰাজ্যিক মন্ত্ৰীৰ মৰ্য্যদা লাভ কৰা এই বাবাগৰাকী এতিয়া ৰােষত পৰিছে একেখন চৰকাৰৰ।
উল্লেখ্য যে ভূমি বেদখলৰ অভিযোগত মধ্যপ্ৰদেশৰ ইন্দোৰ নগৰ নিগমে ‘কম্পিউটাৰ বাবা’খ্যাত নামদেৱ দাস ত্যাগী নামৰ ধৰ্মগুৰুৰ গোম্মতগিৰি আশ্ৰমখন উচ্ছেদ কৰাৰ লগতে তেওঁক প্ৰতিৰক্ষামূলক জিম্মাত লৈ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
ইন্দোৰৰ বিমানবন্দৰৰ পথৰ সমীপৰ জম্বুডি হন্সী নামৰ গাঁঁওখনত আছিল কম্পিউটাৰ বাবাৰ গোম্মতগিৰি আশ্ৰম।
অভিযােগ অনুসৰি, গোশালাৰ বাবে আবণ্টিত ৪৬ একৰ ভূমি বেদখল কৰি কম্পিউটাৰ বাবাই ২ একৰ ভূমিত আশ্ৰমখন নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ইয়াকে লৈ ইন্দোৰ নগৰ নিগমে দুমাহ পূৰ্বে কম্পিউাটাৰ বাবলৈ জাননী জাৰি কৰি আশ্ৰমৰ ভূমিৰ নথি-পত্ৰ দাখিলৰ নিৰ্দেশ দিছিল।
#WATCH Madhya Pradesh: District administration continues its demolition drive against illegal constructions belonging to Computer Baba in Indore.
— ANI (@ANI) November 9, 2020
Visuals of authorities demolishing encroachments in Super Corridor area of Indore pic.twitter.com/j3GVs3aMZh
কিন্তু তম্পিউটাৰ বাবাই ইন্দোৰ নগৰ নিগমৰ জাননীলৈ আওকাণ কৰি কোনো নথি-পত্ৰ দাখিল কৰা নাছিল।
ইয়াৰ বাবেই ইন্দোৰ নগৰ নিগমৰ এটা দল আৰু আৰক্ষীয়ে কম্পিউটাৰ বাবাৰ আশ্ৰম উচ্ছেদ অভিযান চলায়।
উচ্ছেদ অভিযানৰ বিৰুদ্ধে গোম্মতগিৰি আশ্ৰমবাসীয়ে প্ৰতিবাদ কৰাৰ আশংকাত আৰক্ষীয়ে কম্পিউটাৰ বাবা আৰু তেওঁৰ চাৰি সহযোগীক পূৰ্বেই আটক কৰে।
উল্লেখ্য, মধ্যপ্ৰদেশত অলপতে অনুষ্ঠিত ২৮ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ সময়ছোৱাত এই কম্পিউটাৰ বাবাই মুখ্যমন্ত্ৰী সিৱৰাজ সিং চৌহান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ‘গণতন্ত্ৰ বাচাও’ যাত্ৰা উলিয়াইছিল।
ইয়াৰ বাবেই তেওঁ চৰকাৰৰ ৰোষত পৰিল বুলি ভূ ৰখা মহলে মন্তব্য কৰিছে।