প্ৰকাণ্ড অজগৰ উদ্ধাৰ…

May 29, 2021 0 By Biraj Kalita

বকোৰ বালাপাৰাত বন বিভাগে উদ্ধাৰ কৰিলে এডাল প্ৰকাণ্ড অজগৰ।

শুকুৰবাৰে নিশা স্থানীয় লোকে অজগৰ ডাল প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷

জানিব পৰা মতে বালাপাৰা গাঁওৰ এঘৰ মানুহৰ ঘৰত উদ্ধাৰ হয় আজগৰডাল৷

বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটা দলে সাঁপডালক উদ্ধাৰ কৰি বকোৰ আগছিয়া গাৱঁৰ সমীপত থকা এখন সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।

বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফ আহমেদে জনোৱা মতে, অজগৰডালৰ ওজন প্ৰায় ২০ কিল’গ্ৰাম হ’ব।