প্ৰকাশ পালে ক’ভিডৰ নতুন নিৰ্দেশনা, ৮ জিলাত সান্ধ্য আইনৰ শিথিলতা, সবিশেষ চাওক.
June 21, 2021প্ৰকাশ পালে ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।
মঙলবাৰৰ পৰা অসমত আৰম্ভ হ’ব আনলক ৪.০।
নতুন নিৰ্দেশনা অনুসৰি বন্ধ থাকিব আন্তঃজিলা যাতায়ত।
গুৱাহাটী মহানগৰীত দিনৰ ২বজাৰ পৰা পুৱা ৫বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।
১ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ।
দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউত কিছু শিথিল কৰা হৈছে সান্ধ্যআইন।
এই জিলা কেইখনত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব।
আনহাতে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত অঞ্চল ভিত্তিক আংশিত লকডাউন দিয়াৰ সম্ভাৱনা।