প্ৰকাশ পালে ক’ভিডৰ নতুন SOP: ৭ জিলাত সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা…

July 6, 2021 0 By Biraj Kalita

ৰাজ্যত প্ৰকাশ পালে ক’ভিডৰ নতুন নিৰ্দেশনা।

এক সংবাদমোল যোগে এই নিৰ্দেশণা সমূহ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

জিলাসমূহক তিনিটা ভাগত বিভক্ত কৰি প্ৰস্তুত কৰা হৈছে এছ অ পি।

বুধবাৰৰ পৰা এসপ্তাহৰ বাবে এই নতুন এছ অ পি প্ৰযোজ্য হ’ব।

ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাত ৭ জিলাত সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা।

জিলা কেইখন হৈছে গোৱালপাৰা, মৰিগাঁও, গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাখ আৰু শোণিতপুৰ জিলা।

এই কেইখন জিলাত কেৱল সন্ধিয়া ৫ বজালৈ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীৰ দোকান খোলাৰ অনুমতি।

১৬ খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৭ বজালৈকে প্ৰযোজ্য হ’ব সান্ধ্য আইন।

এই জিলা কেইখন হ’ল- শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কৰিমগঞ্জ, কামৰূপ গ্ৰাম্য, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বিআংলং।

১১ জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।

এই জিলা কেইখন হ’ল- ধুবুৰী, কামৰূপ মেট্ৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাওঁ, চিৰাং,ওদালগুৰি, পশ্চিম কাৰ্বিআংলং, ডিমাহাচাও, চৰাইদেউ আৰু হাইলাকান্দি।

সম্পূৰ্ণৰূপে বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।

জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সেৱাত নাথাকিব কোনো বাধা।

কামৰূপ মহানগৰত পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ।

সজাগ হৈ থাকিবলৈ স্বাস্থ্যমন্ত্ৰীৰ আহ্বান মহানগৰবাসীক।

সকলো ধৰণৰ শিক্ষানুষ্ঠান এই সময়ত বন্ধ থাকিব।

অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিত মাত্ৰ দুজন যাত্ৰী যাব পাৰিব।

যান-বাহন চলালে এজন ব্যক্তি থাকিলেও পিন্ধিব লাগিব মাস্ক।