প্ৰকৃতিক ধ্বংস কৰিব বিচৰা কাম চৰকাৰক কৰিবলৈ দিয়া নহ’বঃ লুৰিণজ্যোতি গগৈ…

July 24, 2021 0 By Biraj Kalita

চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ।

ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যোগত আয়োজিত প্ৰতিবাদী গণ অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ সভাপতি গৰাকীৰ।

প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি সভাপতি গৰাকীয়ে কয় যে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদে শনিবাৰে ২৯ দিনত ভৰি দিয়াৰ পিছতো চৰকাৰ খনে প্ৰতিবাদকাৰী সকলক আলোচনালৈ আমন্ত্ৰণ নকৰাটো এক দুৰ্ভাগ্যজনক।

অসম জাতীয় পৰিষদ দলে ৰাইজক লগতে প্ৰকৃতিক ধ্বংস কৰিব বিচৰা কোনো কামেই চৰকাৰক কৰিবলৈ নিদিয়ে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও কয় সভাপতি গৰাকীয়ে।

বৰ্তমানৰ চৰকাৰ খনে চন্দ্ৰপুৰত থকা মৃত তিনিটা উদ্যোগ পুনৰজীৱিত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত চন্দ্ৰপুৰৰ অৰ্থনৈতিক অৱস্থা এতিয়া বহুতেই বেয়া। গতিকে চৰকাৰে এইবোৰ জনহিতাৰ্থে কাম নকৰি জাৱৰ পেলোৱা কাৰ্যটো কেতিয়াও গ্রহণযোগ্য নহয় বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

উল্লেখ্য যে বিগত ২৮ দিন ধৰি চন্দ্ৰপুৰত পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ অব্যাহত আছে।