প্ৰতিবাদ, বন্ধ আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰবিৰোধ বুলি কব নোৱাৰি! অখিলৰ মুক্তি সন্দৰ্ভত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া…

July 2, 2021 0 By Biraj Kalita

বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷

সম্পূৰ্ণ ডেৰ বছৰ ৰঙাঘৰত কটোৱা পাছত NIAৰ বিশেষ আদালতে অখিল গগৈক চানমাৰি থানাৰ গোচৰত দোষমুক্ত কৰে।

ইয়াৰ পাচতে ৰাজ্যৰ ৰাজনীতি মহলত চলিছে ব্যাপক প্ৰতিক্ৰিয়া।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

ৰায়দানৰ প্ৰতিলিপি অধ্যয়ন কৰি হাজৰিকাই কয়- গুৱাহাটীৰ NIA আদলতে শ্ৰী অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ ধৈৰ্য্য কোৱৰ, মানস কোৱৰ আৰু বিত্তু সোনোৱালক মুক্তি দিয়া ৰায়দানত স্পষ্ট ভাবে উল্লেখ কৰিছে যে তেওঁলোক কোনো সন্ত্ৰাসবাদী বা‌ ৰাষ্ট্ৰবিৰোধী অপৰাধত জৰিত নহয়।

লগতে কয়- গগৈয়ে দিয়া বক্তৃতাক অধ্যয়ন কৰি আদলতে হিংসাৰ প্ৰতি উচতনি কৰাৰ কোনো তথ্য নাপালে বৰঞ্চ আদালতে কয় যে শ্ৰী গগৈয়ে বাৰম্বাৰ শান্তিপূৰ্বক প্ৰতিবাদ কৰিবলৈহে জনসাধাৰণক আহ্বান জনাইছিল।

প্ৰতিবাদ, বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ  বুলি ক’ব নোৱাৰি বুলি কোর্টে কৰা মন্তব্যটোও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে।

হাজৰিকাই লগতে কয়- আদালতে শ্ৰী গগৈৰ বিৰুদ্ধে থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰবিৰোধ অপৰাধ খাৰিজ কৰে। এই ৰায়দান অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো তদন্ত পৰ্যায়তে আদলতে শাসকীয় পক্ষই জাপি দিয়া অভিযোগ নাকচ কৰিলে আৰু গোচৰটোত trial ৰ প্ৰয়োজনে নহল। এয়াই প্ৰমান কৰে যে শাসকীয় পক্ষৰ অভিযোগ কিমান মিছা।

ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অতি দূৰ্ভাগ্যজনক যে শাসকীয় পক্ষই বিৰোধীৰ প্ৰতিবাদ ৰোধ কৰিবলৈ অগণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰে বুলি হাজৰিকাৰ মন্তব্য।

গগৈ আৰু তেওঁৰ সতীৰ্থই বন্দীৰ ডেৰ বছৰ কোনো কালেই ওভতাই নাপায় বুলি কয় দুখ প্ৰকাশ কৰে হাজৰিকাই।

এই মুক্তিৰ ৰায়দানে ন্যায়িক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস দৃঢ় কৰাৰ উপৰিও শাসকীয় পক্ষলৈ ভূৱা গোচৰ জাপি বিৰোধী পক্ষৰ মুখ বন্ধ নকৰিবলৈ এটা স্পষ্ট সকীয়নি প্ৰক্ষেপ কৰিলে বুলিও মন্তব্য কৰে হাজৰিকাই।