প্ৰতিশ্ৰুতি আছিল ৫০ টকাকৈ বৃদ্ধিৰ, পিছে ৩৮ টকাকৈ বৃদ্ধি হ’ল চাহ শ্ৰমিকৰ দৈনিক মজুৰি…

May 29, 2021 0 By Biraj Kalita

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৩৮ টকাকৈ বৃদ্ধি কৰা হ’ল চাহ শ্ৰমিকৰ দৈনিক মজুৰি।

শুকুৰবাৰে এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে।

যি পূৰ্বে ৫০ টকাকৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিত্বৰ লগতে অন্যান্য চাহ জনগোষ্ঠীয় সংস্থাৰ সৈতে এক বৈঠকত মিলিত হৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰে।

যাৰ ফলত এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিক সকলে ১৬৭ টকাৰ পৰিৱৰ্তে ২০৫ টকাকৈ লাভ কৰিব।

আনহাতে বৰাক উপত্যকাৰ চাহ শ্ৰমিক সকলে ১৪৫ টকাৰ পৰিৱৰ্তে দৈনিক মজুৰি লাভ কৰিব ১৮৩ টকাকৈ।

আজিৰ এই বৈঠকত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী সঞ্জয় কিষান, সাংসদ পল্লৱ লোচন, বিধায়ক ৰূপেশ গোৱালা, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ লগতে অন্যান্য চাহ জনগোষ্ঠীৰ নেতৃত্ব উপস্থিত থাকে।