প্ৰথমবাৰৰ বাবে ৰাইজৰ দলৰ কাৰ্যলয়ত উপস্থিত হৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ…

July 1, 2021 0 By Biraj Kalita

প্ৰথমবাৰৰ বাবে ৰাইজৰ দলৰ কাৰ্যলয়ত উপস্থিত দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক মন্তব্য কৰে গগৈয়ে।

সংবাদমেল আয়োজন কৰি গগৈয়ে APSC কেলেংকাৰী সন্দৰ্ভত বিভিন্ন মন্তব্য আগবঢ়াই।

তেওঁ কয় যে APSC কেলেংকাৰীৰ তদন্ত কৰা তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰৰ ওপৰটো তদন্ত হ’ব লাগে লগতে মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰে গগৈয়ে।

অখিলে গগৈয়ে কয়- ‘মই যদি কাৰাবন্দী নহলো হয়, তেন্তে বিজেপি অসম লৈ আহিব নোৱাৰিলে হেতেন।CAA আন্দোলন অসমৰ ঐতিহাসিক আৰু ইতিহাসত বৃহৎ আন্দোলন। CAA আন্দোলনক বিজেপিয়ে ষড়যন্ত্ৰমূলক ভাৱে মষিমূৰ কৰিলে।

মোক জেলত থকাৰ সময়ত বিভিন্ন প্ৰলোভন দিয়া হৈছিল বুলি মন্তব্য কৰি গগৈয়ে কয়, মোক RSS ত যোগদান কৰিবলৈ কৈছিল, BJP ত যোগদান কৰি শিৱসাগৰৰ পৰা জয়ী কৰাই মন্ত্ৰীত্ব প্ৰদান কৰিম বুলিও কৈছিল।

লগতে সংবাদমেলত গগৈয় কয়-

অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিম।

নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প বন্ধ হব লাগিব, আমি বন্ধ কৰিম।

কয়লা, চুপাৰি, মাছ, পান, কণীৰ ছিণ্ডিকেট চলাইছে BJP চৰকাৰে।

তদুপৰি চৰকাৰে এইবাৰ ১ লাখক নিযুক্তি দিয়াৰ সিদ্ধান্তৰ ওপৰত গগৈয়ে কয় যে নিযুক্তিৰ কেলেংকাৰী হ’লে মাত মাতিম। এইবাৰ ৰাজপথত নহয়, ১ লাখ নিযুক্তিত যদি কেলেংকাৰী হয় মই বিধানসভাত ধৰিম, মই বহি নাথাকো।

আনহাতে অসমত টোলগে’ট বন্ধ হ’ব লাগিব বুলিও মন্তব্য কৰে গগৈয়ে।

ৰূপজ্যোতি কুৰ্মীয়ে অসমীয়া মানুহক বিশ্বাসঘটকাত কৰিছে বুলি মন্তব্য কৰে গগৈয়ে।