প্ৰধানমন্ত্ৰী মোডীয়ে আধাৰশীলা স্থাপন কৰিলে নতুন সংসদ ভৱনৰ! কেনে হ’ব নতুন সংসদ ভৱন?

December 10, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী মোডীয়ে আধাৰশীলা স্থাপন কৰিলে নতুন সংসদ ভৱনৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভূমি পূজনৰ পিছতেই শুভাৰম্ভ কৰে সংসদ ভৱনৰ আধাৰশিলা। এই উপলক্ষে প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।

নতুন সংসদ ভৱনৰ বাবদ ব্যয় কৰা হ’ব ৯৭১ কোটি টকা।

নতুন সংসদত ভৱনত লোকসভা আৰু ৰাজ্যসভাৰ কক্ষ যথেষ্টখিনি আহল-বহল হ’ব।

লোকসভা কক্ষত ৮৮৮গৰাকীয়ে বহিব পৰাৰ লগতে ৰাজ্যসভাত বহিব পাৰিব ২৪৫গৰাকীয়ে।

অনুষ্ঠানত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিড়লা, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ বহুকেইগৰাকী মন্ত্ৰী তথা বিজেপি নেতা।

আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘পুৰণি সংসদ ভৱনটোৰ অৱসৰৰ সময় হৈছে। আজি এক ঐতিহাসিক দিন। দেশৰ ইতিহাসৰ ক্ষেত্ৰত আজিৰ কাৰ্যসূচী এক শিলৰ ৰেখা চিহ্নিত হৈ ৰ’ব। পুৰণি ভৱনৰ শতাব্দীপ্ৰাচীন ইতিহাস আমি মনত ৰাখিম।’