প্ৰশিক্ষণৰত অৱস্থাত মৃত্যু হোৱা মনেশ্বৰ পণ্ডিতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে শোকসভা পালন…
March 14, 2022শ্বিলঙত প্ৰশিক্ষণৰত অৱস্থাত আকস্মিক মৃত্যু হোৱা মনেশ্বৰ পণ্ডিতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে শোকসভা পালন।
বাক্সাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শোকসভা অনুষ্ঠানৰ আয়োজন।
দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱাত বাক্লাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শোকসভা পালন কৰা হয়।
কোকৰাঝাৰ জিলাৰ শান্তিপুৰৰ বাসিন্দা মনেশ্বৰ পণ্ডিতৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দই।
তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।
এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱক তথা আৰক্ষী বিষয়াগৰাকীক অকালতে হেৰুৱাব লগা হোৱাত শোকস্তব্ধ হৈ পৰে কাৰ্যালয়টোৰ সমূহ কৰ্মচাৰীবৃন্দই।