প্ৰাক্তন মি. অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ দেৱজিত গগৈৰ ক’ভিডত মৃত্যু

May 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাই প্ৰাণ ল’লে প্ৰাক্তন মি. অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰচৰ্চাবিদ দেৱজিত গগৈৰ।

মৃত্যুৰ সময়ত তেখেত গুৱাহাটী মহানগৰীৰ বৰমটৰীয়া স্থিত গুড হেল্থ হাস্পতাল চিকিৎসাধীন হৈ আছিল।

১৬ মে’ তাৰিখে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে শৰীৰচৰ্চাবিদ লগতে প্ৰশিক্ষকগৰাকীয়ে।

বিশিষ্ট শৰীৰচৰ্চাবিদগৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই।

বিশিষ্ট শৰীৰচৰ্চাবিদগৰাকীৰ মৃত্যুক অসমৰ ক্ৰীড়া জগতৰ এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ।