প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্ধানহীন, পৰিয়ালত হাহাকাৰ
July 31, 2021নিউজ ডেস্ক। বিগত তিনি বছৰে সন্ধান নাই চৰাইবাহীৰ শিক্ষক অৰূপ কুমাৰ নাথ। ইয়াকৈ লৈ পৰিয়ালৰ লোকৰ মাজত বিৰাজ কৰিছে হাহাকাৰৰ পৰিৱেশ।
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহী অঞ্চলৰ মায়াঙিয়া বালিকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা মায়াঙিয়া গাঁৱৰ প্ৰয়াত ৰমেশ চন্দ্ৰ নাথ আৰু পদ্মেশ্বৰী দেৱীৰ জ্যেষ্ঠ পুত্ৰ অৰুপ কুমাৰ নাথ বিগত তিনি বছৰে নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ লোকে জনােৱা মতে, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৰূপ কুমাৰ নাথে বিগত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে চিকিৎসাজনিত কাৰণত মৰিগাঁৱলৈ যোৱাৰ পিছৰ পৰাই আজিলৈকে ঘূৰি নাহিল ঘৰলৈ।
পৰিয়ালৰ লোকে বহু বিচাৰ-খােচাৰ কৰি বিফল হোৱাৰ উপৰিও নিৰুদ্দেশ সন্দৰ্ভত মিকিৰভেটা আৰক্ষীক অৱগত কৰাত আৰক্ষীয়েও আজিলৈকে শিক্ষকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
ইফালে বিগত তিনি বছৰে জ্যেষ্ঠ পুত্ৰৰ কোনো সন্ধান নোপোৱাত মানসিকভাৱে ভাগি পৰিছে মাতৃ পদ্মেশ্বৰী দেৱী।
সেয়ে উক্ত ব্যক্তিজনক যদি কোনোবাই প্ৰত্যক্ষ কৰে তেনেহ’লে ৮১৩৩৯-৮৯০৯৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।