প্ৰেমিকাক লগ ধৰিব আহি প্ৰেমিকৰ বিলৈ, গছত বান্ধি উত্তম মাধ্যম সোধালে ৰাইজে…

March 19, 2022 0 By Biraj Kalita

প্ৰেমিকাক লগ ধৰিব আহি প্ৰেমিকৰ বিলৈ, গছত বান্ধি উত্তম মাধ্যম সোধালে ৰাইজে।

কলগাছিয়াত সংঘটিত হৈছে এই ঘটনা।

প্ৰেমিকাক লগ কৰিবলৈ সুদূৰ চেন্নাইৰ পৰা আহি কলগাছিয়াত প্ৰেমিকৰ অৱস্থা তথৈবচঃ।

ৰাইজে ধৰি উত্তম-মাধ্যম সোধালে প্ৰেমিক চাদ্দামক।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাৰাবাল্লি গাঁৱৰ আবুবক্কৰ ছিদ্দিকৰ পুত্ৰ চাদ্দাম হুছেইনে কৰ্মসূত্ৰে চেন্নাইত আছিল যদিও শুকুৰবাৰে বলাইপথৰ গাঁৱৰ প্ৰেমিকাক লগ কৰিব আহিছিল।

ফলত প্ৰেমিকাৰ পিতৃ চবুৰউদ্দিনৰ সহযোগত প্ৰেমিক চাদ্দাম হুছেইনক কলগাছিয়াৰ পেট্ৰল পাম্পৰ পৰা আটক কৰি গছত বান্ধি উত্তম-মাধ্যম সোধাই।

উল্লেখযোগ্য যে বলাইপথৰ গড় চুবুৰউদ্দিনৰ নাবালিকা কন্যাৰ লগত সাৰাবাল্লি গাঁৱৰ আবুবক্কৰ ছিদ্দিকৰ পুত্ৰ চাদ্দাম হুছেইনৰ প্ৰেমৰ সম্পৰ্ক আছিল।

চাদ্দাম হুছেইনে কৰ্মসূত্ৰে চেন্নাইত থকাৰ ফলত ম’বাইলতে চলিছিল দুয়োৰে প্ৰেম। কিন্তু শুকুৰবাৰে চেন্নাইৰ পৰা প্ৰেমিকক লগl কৰিব আহি ৰাইজৰ হাতত ধৰা পৰে প্ৰেমিক চাদ্দাম।

ৰাইজে দৌৰি দৌৰি আটক কৰি গছত বান্ধি লপা-থপা দি আৰক্ষীক খবৰ দিয়ে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰেমিক ৰাইজৰ হাতৰ পৰা যুৱকজনক উদ্ধাৰ কৰি থানালৈ নিয়ে।