প্ৰেমিকাৰ প্ৰেম প্ৰত্যাহাৰ! হাতত প্লে কাৰ্ড লৈ প্ৰেমিকাৰ ঘৰৰ সন্মুখত আন্দোলনত বহিল এগৰাকী প্ৰেমিক…

April 18, 2021 0 By Biraj Kalita

প্ৰেমিকাৰ প্ৰেম প্ৰত্যাহাৰ!

হাতত প্লে কাৰ্ড লৈ প্ৰেমিকাৰ ঘৰৰ সন্মুখত আন্দোলনত বহিল এগৰাকী প্ৰেমিক।

প্ৰেমিকাৰ পৰিয়ালে বিয়া দিয়াত অমান্তি হোৱা ঘটনাক কেন্দ্ৰ কৰি মানকাচৰৰ প্ৰেমিক এজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত ধৰ্ণাত বহে।

উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ চক বজাৰৰ জ্যোতিষ ঘোষৰ পুত্র বাপ্পা ঘোষে মেঘালয়ৰ আমপাতি থানা এলেকাৰ মহেন্দ্ৰগঞ্জত উপস্থিত হৈ দিনৰ প্ৰায় ২ বজাত মহেন্দ্ৰগঞ্জস্থিত প্ৰেমিকাৰ ঘৰৰ সম্মুখত হাতত প্লেকাৰ্ড লৈ ন্যায় বিচাৰি ধৰ্ণাত বহে।

এইদৰে ধৰ্ণাত বহা ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত যথেষ্ট পৰিমাণে স্থানীয় লোকৰ সমাগম ঘটে।

ইফালে প্ৰেমিকাৰ পৰিয়ালে প্ৰেমিকৰ এনে আজব কাণ্ড দেখি আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱক জনক আটক কৰি থানালৈ নি সোধা পোছা অব্যাহত ৰাখিছে।

ইপিনে যুৱকজনে সাংবাদিকৰ আগত কয়- বিগত প্ৰায় ৬ মাহ পূৰ্বে তেওঁৰ সৈতে মহেন্দ্ৰগঞ্জৰ যুৱতী গৰাকীৰ সৈতে সামাজিক ভাৱে বিবাহৰ আলোচনা হৈছিল। ইয়াৰ পাছতেই দুয়োৰে মাজত প্ৰেম হয়। কিন্তু হঠাৎ কিছুদিন ধৰি যুৱতী গৰাকীৰ পৰিয়ালে তেওঁৰ সৈতে বিবাহ দিয়াৰ কথা অস্বীকাৰ কৰাৰ লগতে যুৱতী গৰাকীয়েও প্ৰেম প্ৰত্যাহাৰ কৰিছে।

সেই বাবেই তেওঁ এতিয়া এইদৰে প্ৰেমিকাৰ ঘৰৰ সম্মুখত প্ৰতিবাদ কৰিবলগীয়া হৈছে।

লগতে যুৱকজনে কয়- যেতিয়ালৈকে তাইৰ লগত তেওঁৰ বিয়া নহব তেতিয়ালৈ তেওঁ এইদৰে প্ৰতিবাদ চলাই যাব।

উল্লেখ্য যে, প্ৰেমিকাৰ পৰিয়ালে যুৱক জনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নিদিয়াৰ বাবে আৰক্ষীয়ে যুৱক জনক মুকলি কৰি দিছে।