প্ৰেয়সীক আঙুঠি পিন্ধাই ঘৰলৈ উভতাৰ পথত দৰাসহ চাৰিজনৰ কৰুণ মৃত্যু!

December 14, 2020 0 By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰেয়সীক আঙুঠি পিন্ধাই ঘৰলৈ উভতাৰ পথত দৰাসহ চাৰিজনৰ কৰুণ মৃত্যু।

উত্তৰ প্ৰদেশতৰ প্ৰতাপগড়ত পিপলীৰ খালসা গাঁৱৰ সমীপত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো।

মৃত দৰা সন্দীপ যাদৱ এগৰাকী সেনা জোৱান হিচাপে কৰ্মৰত আছিল।

বিয়াৰ বাবে ছুটী লৈ নিজ গৃহলৈ আহিয়েই দেওবাৰে প্ৰেয়সী সুপ্ৰিয়া যাদৱক আঙুঠি পিন্ধাবলৈ গৈছিল।

আঙুঠি পিন্ধোৱা পৰ্ব শেষ কৰি সন্ধিয়া ঘৰলৈ উভতাৰ পথত তেওঁলোকৰ বলেৰোখনে নিয়ন্ত্ৰণ হেৰুৱাই গছ এডালত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, বলেৰোখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হয়।

দুৰ্ঘটনাটোৰ ফলত দৰা সন্দীপ সহ অখিলেশ, ৰাহুল, পাপুই মৃত্যুক সাৱটি লয়।