পৰিবহন বিভাগৰ আজৱ কাণ্ড! বাহন ক্ৰয় নকৰাকৈ ঘৰত আহি পালে আৰ চি

July 20, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। এক আচৰিত ঘটনা। বাহন ক্ৰয় নকৰাকৈ এজন ব্যক্তিৰ ঘৰলৈ আহিল বাহনৰ আৰ চি।

কামৰূপ জিলাৰ শুৱালকুছি নিবাসী প্ৰমােদ গায়নে লাভ কৰিছে এই আৰ চি।

জানিব পৰা মতে, কামৰূপ মহানগৰ পৰিবহন বিভাগত সংঘটিত হৈছে এই আজৱ কাণ্ড।

গাড়ী ক্ৰয় নকৰাকৈ গাড়ীৰ আৰ চি লাভ কৰি হতবাক হৈ পৰিছে প্ৰমােদ গায়নৰ পৰিয়াল।

পেছাত লােকজন এজন মেজিক চালক।

হঠাৎ প্ৰমোদ গায়ন নামৰ এই যুৱকজনৰ ভাড়াঘৰলৈ ডাকযোগে আহি পালে এখন টিভিএছ কোম্পানীৰ মটৰ চাইকেলৰ আৰ চি।

গুৱাহাটী মহানগৰ পৰিবহন বিভাগৰ বিষয়া গৌতম দাসৰ চহী সম্বলিত এই আৰ চি খন।

আৰ চি খনত থকা নাম-ঠিকনা সম্পূৰ্ণ শুদ্ধ। আৰ চি খন লাভ কৰাৰ পিছতেই হতবাক প্ৰমোদ গায়ন। কিয়নো আৰ চি লাভ কৰিছে ঠিকেই, কিন্তু কোনো গাড়ী ক্ৰয় কৰা নাই প্ৰমোদ গায়নে।

আচৰিত কথাটো হ’ল যে, গাড়ী ক্ৰয় নকৰাকৈ কেনেকৈ পৰিবহন বিভাগে তেওঁৰ নামত পঞ্জীয়ন কৰিলে এখন TVS বাইক।

লোকজনৰ মনত উদয় হৈছে ভয়-শংকাৰ লগতে বহু প্ৰশ্ন। তেওঁৰ নামত পঞ্জীয়ন কৰা বাইকখন যদি বে-আইনী কামৰ বাবে ব্যৱহৃত হয়, তেন্তে তেঁও সন্মুখীন হ’ব লাগিব অনাকাংক্ষিত পৰিস্থিতিৰ।

এই ক্ষেত্ৰত গুৱাহাটী মেট্ৰ’ৰ পৰিবহন বিভাগৰ বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে লােকজনে।