পৰিষ্কাৰ কৰাৰ ছলেৰে মহিলাৰ পৰা প্ৰৱঞ্চকে লুট কৰি নিলে সোণৰ গহনা

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মহানগৰীত পুুনৰ প্ৰৱঞ্চকৰ জাল।

প্ৰৱঞ্চকৰ জালত পৰি এগৰাকী মহিলাই হেৰুৱালে ২ লাখ টকাৰ সোণৰ গহনা।

মহানগৰীৰ বামুণীমৈদামৰ ৰে’লৱে কলনিৰ বাসিন্দা আৰতী হৰিজনৰ ঘৰত আহিছিল দুজন প্ৰৱঞ্চক।

সোণৰ গহনা পৰিষ্কাৰ কৰাৰ নামত লুটি লৈ গ’ল দুই লাখ টকাৰ সোণৰ গহনা।

ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে গীতানগৰ থানাত একন এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও ধৃত দুই প্ৰৱঞ্চক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হােৱা নাই।