পৰেশ বৰুৱাই মূল সুতিলৈ ঘূৰি আহি ৰাজনৈতিক পথাৰত ভৰি দিয়কঃ নৱ শৰনীয়া…

May 25, 2021 0 By Biraj Kalita

আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱা আৰু চৰকাৰৰ মধ্যস্থতাকাৰী হ’বলৈ সাজু সাংসদ নৱ শৰনীয়া।

অস্ত্ৰৰে সকলো নহয় বুলি মন্তব্য কৰি চৰকাৰৰ সৈতে আলোচনা কৰি মূল সুতিলৈ ঘূৰি আহিবলৈ পৰেশ বৰুৱাক আহ্বান নৱ কুমাৰ শৰনীয়াৰ।

লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আলফাৰ সৈতে চৰকাৰৰ আলোচনা হ’ব বুলি আশাবাদী সাংসদ গৰাকী।

পৰেশ বৰুৱাই মূল সুতিলৈ ঘূৰি আহি ৰাজনৈতিক পথাৰত ভৰি দিয়ক অন্যথা সাধাৰন জীৱন জাপন কৰিবলৈ অনুৰোধ জনায় সাংসদ গৰাকীয়ে।

পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৰিতুল শইকীয়াক মুকলি কৰি দিয়াত আলফাৰ সেনাধক্ষ্য তথা একালৰ সতীৰ্থ পৰেশ বৰুৱাক বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰনীয়াই ধন্যবাদ জ্ঞাপন কৰে।