পৰ্যটকৰ বাবে পুনৰ ৩দিন বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

March 10, 2022 0 By Biraj Kalita

পৰ্যটকৰ বাবে পুনৰ ৩দিন বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

অহা ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বন্ধ ঘোষণা কৰিছে উদ্যান কৰ্তৃপক্ষই।

১৪ সংখ্যক গঁড় গণনা কাৰ্যসূচীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিদিন হাতী চাফাৰীৰ লগতে পৃথকে পৃথকে জীপ চাফাৰীও বন্ধৰ ঘোষণা কৰিছে উদ্যান কৰ্তৃপক্ষই।

অহা ২৬ মাৰ্চত পৰ্যটকৰ বাবে কঁহৰা, বাগৰি, বুঢ়াপাহাৰ বনাঞ্চল বন্ধ থাকিব যদিও অগৰাতলী বনাঞ্চলত পৰ্যটকে কৰিব পাৰিব জীপ চাফাৰী।

আনহাতে ২৭ মাৰ্চত পৰ্যটকৰ বাবে জীপ চাফাৰী খোলা থাকিব কঁহৰা, বাগৰি, অগৰাতলী বনাঞ্চলত।

২৮ মাৰ্চৰ দিনা পৰ্যটকৰ বাবে কঁহৰা, বাগৰি, অগৰাতলী বনাঞ্চল বন্ধ থকাৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে কৰিব পাৰিব জীপ চাফাৰী।