ফাঁচী বজাৰৰ জেইল ৰোডত পৌৰ নিগমৰ হাতোৰা, জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ

April 12, 2021 0 By Biraj Kalita

সোমবাৰে পুৱাই ফাঁচী বজাৰৰ জেইল ৰোডত চলিল পৌৰ নিগমৰ উচ্ছেদ অভিযান।

ফলমূলৰ ব্যৱসায়ৰ দোকানসমূহত পৌৰ নিগমে JCB ৰে উচ্ছেদ অভিযান চলায়।

৪০ বছৰৰ পৰা ব্যৱসায় কৰি থকা পাছতো জাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ তুলিছে ব্যৱসায়ীসকলে।

এই উচ্ছেদৰ ফলত লক্ষাধিক টকাৰ ফলমূল নষ্ট হোৱাৰ লগতে যাৰ বাবে লাখ লাখ টকাৰ ক্ষতি হোৱাৰ কথা সদৰী কৰিছে ব্যৱসায়ীসকলে।

তদুপৰি, উচ্ছেদৰ সময়ত ব্যৱসায়ীসকলক মাৰধৰ কৰাৰো অভিযোগ তুলিছে ভুক্তভোগী ব্যৱসায়ীসকলে।