ফৰেনচিকত প্ৰমাণ শিশু ধৰ্ষণকাৰী পাঠাৰ DNA, হত্যা কৰি মৃতদেহৰ লগত কৰিছিল ধৰ্ষণ…
July 16, 2021ৰাজ্য কঁপোৱা মৰিগাঁৱৰ ভূৰাগাঁৱৰ হত্যাকাণ্ড।
নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধী পাঠাৰ বিৰুদ্ধে প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।
পাঠাৰ ডি এন এই প্ৰমান হৈছে ফৰেনচিকত।
নিৰ্যাতিতা ৯ বছৰীয়া শিশুটিৰ দেহৰ পৰা সংগ্ৰহ কৰি ফৰেনচিকলৈ পঠোৱা DNAৰ সৈতে মিলিছে পাঠাৰ DNA।
টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
লগতে অপৰাধী পাঠাৰ বিৰুদ্ধে শ্বাৰচিট দাখিল কৰিব বুলিও সদৰি কৰিছে মহন্তই।
উল্লেখ্য যে, মৰিগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰিছিল পাঠা ওৰফে ছৈয়দ আলী।
পাষাণটোৱে ৯ বছৰীয়া এটি শিশুক প্ৰথমে হত্যা কৰি ধৰ্ষণ কৰিছিল।
তাৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল পাঠা।