বকোৰ যুমনেশ্বৰ শিৱালয়ৰ হনুমান মন্দিৰত চোৰৰ উপদ্ৰৱ

September 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ ধৰ্মীয় স্থানত চােৰৰ উপদ্ৰৱ। এইবাৰ ঘটনাৰ স্থান কামৰূপ জিলাৰ বকাে।

বকোৰ যৱনেশ্বৰ শিৱালয়ৰ হনুমান মন্দিৰত চোৰৰ প্ৰৱেশ।

বকো থানাৰ অন্তৰ্গত নাগপাৰা গাঁৱৰ যুৱনেশ্বৰ শিৱালয়ৰ হনুমান মন্দিৰত পুৱতি নিশা চোৰে প্ৰৱেশ কৰি মন্দিৰত থকা দান-পাত্ৰৰ লগতে হনুমান বিগ্ৰহৰ নেজৰ অংশ কাটি লৈ যায়।

ঘটনাস্থলীত বকোৰ আৰক্ষী থানাৰ দল এটা গৈ ঘটনাৰ বুজ লোৱাৰ লগতে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰে।

চিচি টিভিৰ ফুটেজত দুগৰাকী বগা পোছাক পৰিধান কৰা যুৱককে চুৰিকাণ্ড সংঘটিত কৰা দেখা পোৱা গৈছে।

এই ঘটনাই মৰ্মাহত কৰিছে স্থানীয় লােকসকলক। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।